Local, Vocal, Global

কৰ দাতালৈ সুখবৰ!

কৰ দাতালৈ সুখবৰ। আইকৰ প্ৰদানৰ অন্তিম দিন ৩১ ডিচেম্বৰলৈ বৃদ্ধি। দেশৰ কোটি কোটি কৰ দাতাক সকাহ দিয়াৰ বাবে আয়কৰ বিভাগৰ এক নিৰ্দেশনা। চলিত বৰ্ষৰ ৩০ নৱেম্ৱৰৰ সলনি ৩১ ডিচেম্ৱৰ, ২০২০ পৰ্যন্ত প্ৰদান কৰিব পাৰিব আয়কৰ।

দেশত কৰ’নাই সৃষ্টি কৰা আতংকৰ ফলত এই সিদ্ধান্ত আয় কৰ বিভাগৰ৷। টুইটাৰযোগে উল্লেখ কৰিছে আয় কৰ প্ৰদানৰ অন্তিম সময়সীমা বৃদ্ধিৰ কথা। ইয়াৰ পূৰ্বে জুলাই মাহত আয় কৰ বিভাগে আয় কৰ জমা দিয়াৰ তাৰিখ ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছে।