আজি মহাষ্টমী
সংকটনাশিনী দেৱীক আৱাহনেৰে আজি মহাষ্টমী। কৰ’নাই সলালে পূজাথলীৰ মাদকতা। জনসমাগমহীন মণ্ডপত মহিষমৰ্দিনীৰ আজি অষ্টমী পূজা। বৰ্ষাসিক্ত ধৰাত দেৱী দুৰ্গালৈ আজি মহাষ্টমীৰ মহাৰ্ঘ্য। নেৰানেপেৰা বৰষুণৰ মাজতে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীলৈ পূজা ৰাজ্যবাসীৰ৷ পৰম্পৰাগতভাৱে বৈদিক নীতি-নিয়ম পালন কৰি অনাড়ম্বৰভাৱে প্ৰথমবাৰলৈ দেৱী দুৰ্গাক সমগ্ৰ দেশবাসীয়ে আগবঢ়াইছে শ্ৰদ্ধাৰ্ঘ্য। মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণে পৰিৱৰ্তন ঘটাইছে স্বাভাৱিক জনজীৱন।
মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি দৰ্শন কৰিব লাগিব দেৱী দুৰ্গাক। নাই সুস্বাদু জেলেপিৰ দোকান, নাই ৰং-বিৰঙী বেলুন। সকলোতে লগাইছে কৰ’না মহামাৰীয়ে আউল। বিভিন্ন পূজা-মণ্ডপত ভক্তসকলৰ পুষ্পাঞ্জলিৰ বাবে কৰিছে বিশেষ ব্যৱস্থা।