Local, Vocal, Global

অসম- মণিপুৰ সীমান্তত কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ১৫ এপিলঃ ৰঙালী বিহুৰ মাজতেই কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপ আৰক্ষীয়ে অসম মণিপুৰ জিৰিঘাট অঞ্চলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

প্ৰায় ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে কামৰূপ আৰক্ষীয়ে । এই অভিযানত আধাকেজি হেৰোইন আৰু ডেৰ লাখ টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা হেৰোইনৰ বজাৰ মূল্যৰ প্ৰায় ৪ কোটি  আৰু ৩৮ কোটি টকাৰ য়াবা টেবলেট ।

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ যৌথ অভিযানত এই অভিযান চলায় ।

ঘটনা সন্দৰ্ভত মণিপুৰৰ ফেৰো খান, ইলিয়াছ খান আৰু কোছবিহাৰৰ চাদ্দাম ওৰফে চামিনুল হকক গ্ৰেপ্তাৰ কৰি এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

MN-07-C-3594নম্বৰৰ এখন ট্ৰাকো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰায়ে  পলাশবাৰী থানাত এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে।