Local, Vocal, Global

আজি পহিলা ব’হাগ অৰ্থাৎ মানুহ বিহু

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ আজি পহিলা ব’হাগ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। গৰু বিহুৰ পিছদিনা অৰ্থাৎ পহিলা ব’হাগৰ দিনা মানুহ বিহু হিচাপে পালন কৰা হয়।

প্ৰতিকূল বতৰৰ মাজতো ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ বিহুটি। আপোনজনক আগবঢ়াইছে হেঁপাহৰ বিহুৱান। এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসীয়ে।

হেঁপাহৰ ৰঙালী বিহুৱে এইবাৰ আনিছে পাৰভঙা আনন্দ। কৰণাৰ বাবে বিগত দুটা বছৰে ভালদৰে উদযাপন কৰিব পৰা নাছিল এই বিহু। এইবাৰ যেন দুগুন পাৰভঙা আনন্দ লৈ আহিছে এই বিহুৱে।

ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে মিলি বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে। সৰুৱে ডাঙৰৰ আশীৰ্বাদ গ্ৰহণ কৰে।

নতুন বছৰটো যাতে কোনো বিপদ-বিঘিণি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে।