নিশা গহপুৰত শোকাৱহ পথ দূৰ্ঘটনা, থিতাতে নিহত কিশোৰীসহ যুৱক

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা৷ হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫গৰাকী কিশোৰীসহ যুৱক।
AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ বাহনত হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০ জনীয়া এটা দল। পথৰ কাষত বলেৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত মৃত্যু ঘটিছে তিনিগৰাকী কিশোৰীসহ দুজন যুৱক।
নিহত কিশোৰী কেইগৰাকী ক্ৰমে, ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো, বৰ্ণালী বড়ো। আনহাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা দুই যুৱকৰ নাম ত্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ৷
আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱত। লগতে এই দূৰ্ঘটনাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছে ৫ জন যুৱক-যুৱতী।
আহত সকলক তেজপুৰ ,গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ীখনৰ চালকে পলায়ন কৰিছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।