Local, Vocal, Global

Cotton University First-Year Student Commits Suicide After Jumping From Pg : পেয়িং গেষ্টৰ দ্বিতীয় মহলাৰ পৰাই জপিয়াই আত্মহনন ছাত্ৰীৰ !

নিউজ ডেস্ক, ১০ এপ্ৰিল : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহনন ! ঘটনাক লৈ তীব্ৰ চাঞ্চল্য(Cotton University First-Year Student Commits Suicide After Jumping From Pg) ।

মঙলবাৰে কটনৰ কলেজৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হয়। মৃত ছাত্ৰীগৰাকী কটনৰ উচ্চতৰ মাধ‌্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। উজান বজাৰৰ প্রণালয়া নামৰ এটা ব্যক্তিগত পিজিত আছিল ছাত্ৰীগৰাকী । মঙবাৰে ৰহস্যজনকভাৱে পেয়িং গেষ্টৰ দ্বিতীয় মহলাৰ পৰাই জপিয়াই ছাত্ৰীগৰাকী তাৰ পিছতে সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক জিএমচিএইছত ভৰ্তি কৰোৱা হয়। যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্রীগৰাকীৰ(Cotton University First-Year Student Commits Suicide After Jumping From Pg; Probe On)।

আৰক্ষীয়ে এইমুহূৰ্তলৈ সদৰী কৰা নাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ। প্ৰাথমিক পৰ্যায়ত ছাত্ৰীগৰাকীয়ে চৰম পথ লোৱা বুলিয়েই সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

জানিব পৰা মতে, বিগত ৬-৭ মাহ ধৰি পেয়িং গেষ্টটোত আছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত পেয়িং গেষ্টটোৰ স্বত্বাধিকাৰীয়ে এই মুহূৰ্তলৈ সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই।

লগতে পঢ়ক : Drugs seized in Golaghat : গোলাঘাটত জব্দ প্ৰায় ৩.৫০ লাখ টকাৰ ড্ৰাগছ