Local, Vocal, Global

কেৱল ড্ৰাগছৰ বাবে পিতৃয়ে বিক্ৰী কৰিলে আঢ়ৈ বছৰীয়া পুত্ৰক

কেৱল ড্ৰাগছৰ বাবে পিতৃয়ে বিক্ৰী কৰিলে আঢ়ৈ বছৰীয়া পুত্ৰক ।

মৰিগাঁৱৰ লাহৰীঘাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।  ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে নিজ পুত্ৰ সন্তানক। মাত্ৰ ৪০ হাজাৰ টকাত আঢ়ৈ বছৰীয়া সন্তানক বিক্ৰী কৰিলে পিতৃয়ে ।

আধাৰ কাৰ্ড বনোৱা চলেৰে মোমায়েকৰ ঘৰৰ পৰা লৈ গৈছিল আঢ়ৈ বছৰীয়া পুত্ৰক নিজ পিতৃয়ে । নিজ পুত্ৰ আমিনুলক গৰৈমাৰীৰ এগৰাকী মহিলাৰ হাতত বিক্ৰী কৰিছিল কেৱল ড্ৰাগছ ক্ৰয়ৰ বাবে । অৱশেষত মাতৃৰ অভিযোগৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰিলে লাহৰীঘাট আৰক্ষীয়ে ।

ইতিমধ্য মাতৃক চমজাই দিয়ে  শিশুটিক আৰক্ষীয়ে ।