Local, Vocal, Global

মঙলদৈ থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ

মঙলদৈত জলিল বিধায়ক অখিল গগৈৰ প্ৰতিমূৰ্তি । লগতে মঙলদৈ থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ।বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ ।

কিছুদিন পূৰ্বে শিৱসাগৰ আৱৰ্ত ভৱনত অখিল গগৈক সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে সমষ্টিৰ সমস্যা সন্দৰ্ভত অৱগত কৰিব যোৱা সময়ত সম্পাদক গৰাকীক ‘জালুৱা’ বুলি টুলুঙা মন্তব্য দিয়াৰ লগতে অতি আশ্ৰৱ্য গালি গালাজ কৰাৰ অভিযোগ দিয়ে ।

এই কাৰ্যৰ পিছতে মঙলদৈ ভেবাৰঘাট ত আজি (শুক্ৰবাৰে) ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ত প্ৰতিমূৰ্তি দাহ কৰে ।

সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰতিমূৰ্তি দাহৰ লগতে অনুসূচীত জাতি অতিশয্যা আইন ১৯৮৯ আইনৰ আধাৰত মঙলদৈ থানাত অখিল গগৈৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে ।