Local, Vocal, Global

কেমেৰাৰ সন্মুখত উচুপি উঠিল এজন আৰক্ষী

কেমেৰাৰ সন্মুখত উচুপি উঠিল এজন আৰক্ষী । অসম আৰক্ষীক নতুন ৰূপত নতুন গতিত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এজন আৰক্ষী বিষয়াৰ চকুত দেখা গ’ল চকুলো ।

ফুলাম গামোচাৰে বাৰে বাৰে চকুলো মচাৰ চেষ্টা আৰক্ষী বিষয়া জনৰ । পিছে এয়া কোনো বেদনাৰ চকুলো নহয় । এয়া হৈছে সততা আৰু ন্যায় নিষ্ঠাৰে নিজ দায়িত্ব পালন কৰি শীৰ্ষ বিষয়াৰ পৰা লাভ কৰা স্বীকৃতিৰ আনন্দাশ্ৰু।

সম্বৰ্ধিত আৰক্ষী বিষয়াৰ মন্তব্য আমি কোনো পুৰস্কাৰৰ আশাত কাম কৰা নাই । নিজ দায়িত্ব সততাৰে পালন কৰাৰ বাবেই আমাক পুৰষ্কৃত কৰা হৈছে । এই পুৰস্কাৰে আমাক আৰু অধিক উৎসাহেৰে তথা সততাৰে কাম কৰাৰ বাবে প্ৰেৰণা দিব ।

এই মন্তব্য কামৰূপ জিলাৰ অন্তৰ্গত দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত এ এছ আই কুমুদ তালুকদাৰৰ ।

উল্লেখ্য, সততে অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত নানা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসম আৰক্ষীৰ এগৰাকী এ এচ আই আৰু এজন ইউ বি চিয়ে শকট পৰিমানৰ উতকোচ পায়ো তাক সততাৰে অস্বীকাৰ কৰি খাকী পোচাকৰ মান মৰ্য্যদা আৰু এখোপ ওপৰলৈ দাঙি ধৰিব সক্ষম হৈছে ।

প্ৰায় ১ কোটি টকা মূল্যৰ সোণ উপঢৌকন হিচাপে পায়ো প্ৰত্যাখ্যান কৰিছিল দুয়োজন আৰক্ষীয়ে ।

কামৰূপ আৰক্ষীৰ অন্তৰ্গত দদৰা আৰক্ষী চকীৰ দুয়োজন কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠা আৰু সততাক উচ্চ প্ৰশংসা কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় দুয়োজনকে ।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ,ডি এছ পি কল্যাণ পাঠকৰ উপস্থিতত দদৰা আৰক্ষী চকীৰ এ এছ আই কুমুদ চন্দ্ৰ তালুকদাৰ আৰু আৰক্ষী জোৱান তানুক চন্দ্ৰ দাসক সম্বৰ্ধনা জনায় ডি আই জি ব্ৰজেন জিৎ সিনহাই । শীৰ্ষ বিষয়াৰ পৰা পুৰষ্কৃত হৈ স্বাভাবিকতে আবেগিক দুই জন সৎ আৰক্ষী