Local, Vocal, Global

পুনৰ অসমত যৌতুকৰ বাবে হত্যা এগৰাকী গৰ্ভৱতী মহিলাক

বাঘবৰ সমষ্টিৰ আলোপতি থানাৰ অন্তৰ্গত ৪নং বাঘমাৰা চৰত এগৰাকী গৰ্ভৱতী বোৱাৰীৰ চীপ ল’ই থকা অৱস্থাত মৃতদেহক কেন্দ্ৰ কৰি বিয়পিছে তীব্ৰ চাঞ্চল্য

অভিযোগ অনুসৰি গাঁৱখনৰ চাইজুদ্দিনৰ পুত্ৰ মহিদুলে প্ৰায় বছৰদিনৰ পূৰ্বে বিয়া পতাৰ পাছৰে পৰা পত্নীক যৌতুকৰ দাবীত অকথ্য নিৰ্যাতন চলাবলৈ লয়

মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি স্বামী পৰিয়ালৰ লোকে মহিলা গৰাকীক প্ৰাণে মাৰি আত্মহত্যাৰ ৰূপ দিয়াবলৈ এইদৰে ডিঙিত ফাঁচী লগাই ওলমাই ৰাখিছে মৃতদেহ

চুবুৰীয়াৰ মতেও বোৱাৰীজনীক হত্যা কৰা হৈছে পৰিকল্পিতভাৱে কিয়নো মৃতদেহৰ মুৰত আঘাটৰ সুস্পষ্ট চিন আৰু মজিয়াতো আছে তেজৰ চেঁকুৰা

আনহাতে ঘৰত চীপ ল’ই ওলমি থকা মৃতদেহ এৰি ৰহস্যজনক ভাবে পলায়ন কৰিছে পৰিয়ালটোৰ বাকী সকল !