Local, Vocal, Global

ভুল চিকিৎসাত মৃত্যু হোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত দল-সংগঠনৰ বিষয়ববীয়া

ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া ।

 

২৯ জুন তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্ছিং হোমত এগৰাকী প্ৰসুতিয়ে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। ওঝা নাৰ্ছিং হোমত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ ফলত ফিল’বাৰী বৰগাঁৱৰ শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী নামৰ প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰসূতিগৰাকী ঘৰৰ পৰা সু-শৰীৰে ডুমডুমাৰ ওঝা নাৰ্ছিং হোমলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসূতিগৰাকীৰ মৃত্যু হৈছিল । আজি প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল’বাৰী বৰগাঁওস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হ’য় । আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই অভিযুক্ত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্ছিং হোমৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।