Local, Vocal, Global

সম্পূৰ্ণ ৩৬টা দিন ধৰি জ্বলিয়েই আছে বাঘজানৰ অভিশপ্ত জুই

সম্পূৰ্ণ ৩৬টা দিন অতিক্ৰম কৰাৰ পাছতো অহৰহ ভাৱে জ্বলিয়েই বাঘজান তৈলখাদৰ  অভিশপ্ত জুই । এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই যদিও অইল কৰ্তৃপক্ষই প্ৰায় সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। ইফালে জুই নিৰ্বাপনৰ সময়ত হ’ব পৰা যিকোনো ধৰণৰ বিপদৰ লগত মুকাবিলা কৰিবলৈ অইলক সহযোগ কৰিছে ভাৰতীয় সেনাৰ লগতে বায়ুসেনাৰ এটা দলে ।অগ্নি নিৰ্বাপন স্থলীত হব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ সৈতে মুকাবিলা কৰিবলৈ বায়ুসেনাৰ এটা দলে হেলিকপ্টাৰেৰে আৰম্ভ কৰিছে মকড্ৰীল।খাদৰ জুই নিৰ্বাপনৰ সময়ত হব পৰা দুৰ্ঘটনাত খাদটোত কৰ্মৰত কৰ্মচাৰীক উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ তৎকালীনভাৱে নিয়াৰ ব্যৱস্থা কৰিব বায়ুসেনাৰ হেলিকপ্টাৰ খনে ।উক্ত বায়ুসেনাৰ হেলিকপ্তাৰখনে নতুনগাওঁৰ পৰা ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ কাৰণে যাত্ৰাৰ সময় লাগিব মাথোঁ ৬-৭ মিনিটৰ ৷