Local, Vocal, Global

ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিছে ভয়ংকৰ দালাল ৰাজ

ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিছে ভয়ংকৰ দালাল ৰাজ ৷ এই অভিযোগ ডবকা ৰাজহ চক্ৰত কৰ্মৰত তৰনী সন্থাৰ এজন  সদ্যসৰ। দালাল চক্ৰৰ নেতৃত্বত চলিছে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়৷

দালাল অবিহনে কাম নকৰে লাট মণ্ডল সকলে। এটা লাট মণ্ডলৰ লগত চাৰি, পাঁচ, জনকৈ দালাল থকাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰে দৃষ্টি গোচৰ কৰি এই চক্ৰ বিষয়াৰ কাৰ্যালয় খনৰ দালাল ৰাজ বন্ধ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।

টকা অভিহনে কোনো কাম নকৰে কোনো চৰকাৰী বিষয়াই ৷ সাধাৰণ জনতাৰ হাত ভৰি ভাঙি দিয়া, দূৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্তাপন হৈছ ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ কৰ্মৰত ৰিজুমনি কটকী নামৰ লাট মণ্ডল জনৰ বিৰুদ্ধে ৷

এগৰাকী ৬০ বছৰীয়া  বৃদ্ধাই এই অভিযোগ  উত্তাপন কৰিছে লাট মণ্ডলৰ বিৰুদ্ধে। পূৰ্বতেও এই চৰকাৰী বিষয়াজন বহু কেইটা  কেলেংকাৰীত নাম সাগোৰ খাই আছিল জানিব পৰা গৈছে।

পূৰ্বৰ ৰাজহ চক্ৰ বিষয়া অনুশয়া শৰ্মাৰ লগত মিলি চৰকাৰী ভুমি ইস্তক্ষেপ কৰাৰ অভিযোগ আছিল এই লাট মণ্ডল জনৰ বিৰুদ্ধে।

ডবকা ৰাজহ চক্ৰৰ কাৰ্য্যালয় ভূমি এটা দালাল চক্ৰক গতাই দিয়াৰ অভিযোগ আছিল এই লাট মণ্ডল আৰু চক্ৰ বিষয়াইনীৰ বিৰুদ্ধে। ইতিমধ্যে সংগ্ৰহ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে  ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ লগতে ডবকা থানাতো এই চৰকাৰী বিষয়া জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷