Local, Vocal, Global

নিশা গোলাঘাটত গুলীচালনা

নিশা গোলাঘাটত গুলীচালনা। গোলাঘাটৰ থুৰাজান চাহ বাগিচাত এই গুলী চালনা। এক সংঘাত ৰোধৰ বাবেই এই গুলী চালনা আৰু অভিযান। আচলতে গোলাঘাটত কাৰ সংঘাত ৰোধৰ বাবে এই গুলী চালনা ।

গোলাঘাটৰ থুৰাজান চাহ বাগিচাত নিশা এক অভিযান। চাহ বাগিচাৰ মাজে মাজে চলিল এই অভিযান। কেতিয়াবা আঁতৰি যাবলৈ সংকেত, আকৌ কেতিয়াবা শূণ্যলৈ গুলী চালনা। এইদৰে প্ৰায় তিনি ঘণ্টা জোৰা এক অভিযান গোলাঘাটৰ থুৰাজান চাহ বাগিচাত। অৱশেষত আশা কৰাৰ দৰে সফল হ’ল অভিযানকাৰী দলটো। শান্ত হৈ পৰিল সমগ্ৰ পৰিৱেশ। প্ৰকৃততে গোলাঘাটত মঙ্গলবাৰে নিশা হস্তী মানুহৰ সংঘাত ৰোধৰ বাবেই এক অভিযানত নামিল গোলাঘাটৰ বন বিভাগৰ লোক।

নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় ২০ ৰ পৰা ২৫ জনীয়া এটা হাতীৰ জাকক জনাঞ্চলত প্ৰৱেশত বাধা দিবলৈ চলিল এই অভিযান। নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাকটোৱে সদ্যহতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি প্ৰৱেশ কৰে জনবসতি পূৰ্ণ অঞ্চলত। সেই সময়তছোৱাতে সংঘটিত হয় হাতী মানুহৰ সংঘাত। জনবসতি পূৰ্ণ অঞ্চল লৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ ওপৰত চলোৱা হয় আক্ৰমণ, তাৰ প্ৰতি আক্ৰমণত হাতীয়েও অনিষ্ট সাধন কৰে মানুহক।

এইদৰেই গোলাঘাটৰ নামবৰ বনাঞ্চলৰ আশে-পাশে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত। এই সংঘাত দূৰ কৰিবলৈ নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকক জনবসতি পূৰ্ণ অঞ্চল লৈ যাবলৈ বাধা বন বিভাগৰ। নিশাৰ আন্ধাৰত হাতীৰ জাকটোক নামবৰ বনাঞ্চললৈ ঘূৰাই পঠিওৱাৰ চেষ্টা বন বিভাগৰ। বন বিভাগৰ লোকে শূণ্য লৈ গুলী চালনা আৰু আতচবাজী কৰি হাতী খেদোৱাৰ এক অভিযান।

এই অভিযানৰ সমাপ্ত ও হ’ল ভৱামতে। নিশা শূণ্য লৈ গুলী চালনা, আতচবাজীৰে ৰোধ কৰা হ’ল আৰু এটা হাতী মানুহৰ সংঘাতৰ চৰম ঘটনা।