Local, Vocal, Global

নাবালিকা ন-কইনা উদ্ধাৰ আৰক্ষীৰ

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী ৰংজুলি-শিমলীতোলা অঞ্চলত নাবালিকা ন-কইনা উদ্ধাৰ আৰক্ষীৰ

জিলা শিশু সুৰক্ষা গোটৰ তথ্যৰ ভিত্তিত ৰংজুলি থানাৰ অ’চি দীপু বৰা আৰু শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনৰ তৎপৰতাত উদ্ধাৰ হয় নাবালিকা গৰাকী-

 

ৰবিবাৰৰ সন্ধিয়া আৰক্ষীয়ে উদ্ধাৰ কৰা নাবালিকা ন-কইনাৰ আনুমানিক বয়স ১৩ বছৰ আৰু পিতৃ গৃহ বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অধীনস্থ বাঘমাৰাচৰত-

 

ৰবিবাৰৰ সন্ধিয়া শিমলীতোলা বৰপথাৰৰ জিৱাৰাঙ্গা গাঁৱৰ স্বামী গৃহৰ পৰা আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে নাবালিকা গৰাকীক-

 

আজিৰে পৰা চাৰি-পাঁচ দিন মানৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল নাবালিকা গৰাকী

 

আৰক্ষীয়ে /প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত মহিলা আৰক্ষীৰ নিৰাপত্তা দি ন-কইনা গৰাকীক জিলা সদৰলৈ যাৱতীয় নিয়মানুসৰি প্ৰেৰণৰ দিহা কৰে