Local, Vocal, Global

আপুনি বাৰু জানেনে মধুৰীআমৰ উপকাৰিতা কিমান? জানো আহক মধুৰীআমৰ উপকাৰিতাৰ বিষয়ে…

ডিজিটেল ডেস্ক:- মধুৰিআম হৈছে এক জনপ্রিয় ফল। যদিও সকলো ফলৰ স্বাস্থ্যৰ লাভালাভ আছে, মধুৰিআমৰ লাভালাভ এক সুকীয়া।
আপুনি বাৰু জানেনে এই মধুৰীআমৰ উপকাৰিতা কিমান?জানো আহক মধুৰীআমৰ উপকাৰিতাৰ বিষয়ে…

মধুৰিআমৰ পুষ্টি গুণৰ বাবে ইয়াৰ পৰা উৎকৃষ্ট জাম, জেলী, চৰবত আদি প্ৰস্তুত কৰা হয়। পকা মধুৰিআম শাৰীৰিক আৰু মানসিক শক্তিৰ উৎকৃষ্ট টনিক। ই ৰক্ত পৰিষ্কাৰ কৰি শৰীৰত হিমগ্লবিনৰ মাত্ৰাও বৃদ্ধি কৰে।

মুখৰ ঘাঁ, দুৰ্গন্ধ, দাঁতৰ পায়োৰীয়া আদি ৰোগত ই মহৌষধৰ কাম কৰে।

মধুৰিআমত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়।

কষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ পুৱাৰ জলপানত বা দুপৰীয়াৰ আহাৰৰ আগেয়ে গুতিবিহীন পকা মধুৰিআম নিয়মীয়াকৈ খাব পাৰে।

পেটৰ কৃমি দূৰ কৰা আৰু তেজ হাগনী হলে মধুৰিআম খালে সুফল পোৱা যায়। মধুৰিআমে শাৰীৰিক ভাবে শক্তি প্ৰদান কৰে।

দিনে এটাকৈ মধুৰিআম খালে High BP সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। পকা মধুৰিআম আৰু ইয়াৰ কুমলীয়া পাত নিয়মীয়াকৈ খালে ছাল মসৃণ আৰু উজ্জ্বল হয়। গৱেষক সকলে গৱেষণা কৰি পোৱা তথ্য মতে, মধুৰিআম antioxident যুক্ত।

কৰ্কট ৰোগ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, খজুৱতি, দাঁতৰ ৰোগ, হাওফাওৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবে অতি উৎকৃষ্ট ফল।
মধুৰিআমৰ ব্যৱহাৰে আমাৰ চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে।

হজম শক্তি বৃদ্ধি কৰাটো মধুৰিআমে সহায় কৰে।

মধুৰিআম ডায়েবেটিজ ৰোগীৰ বাবে পৰম উপকাৰী৷ মধুৰিত থকা তত্বৰ বাবে ইনচুলিন ৰেজিষ্টেন্স হ্ৰাস পায় যাৰ ফলত তেজৰ চুগাৰৰ পৰিমান কমিব ধৰে৷ আকৌ মধুৰি খালে খাদ্যৰ পৰা তেজলৈ চুগাৰৰ শোষন কিছু পৰিমান হ্ৰাস হয় ৷

মধুৰিৰ নিয়মীয়া সেৱনে শৰীৰৰ ইমিউনিটি বঢ়ায়।

মধুৰি খালে গ্ৰহণী আৰু ই-কলাই বেক্টৰিয়াই কৰা ডায়েৰিয়াৰ উপশম ঘটে৷

মধুৰিত ভিটামিন-চি থকাৰ বাবে কাহ,চৰ্দি আদিৰ উপশম ঘটে৷

মধুৰিৰ নিয়মীয়া সেৱনে শৰীৰৰ ইমিউনিটি বঢ়ায়।

বদহজম বা পাকস্থলীৰ সমস্যাত দীৰ্ঘদিন ধৰি আক্ৰান্তসকলে নিয়মীয়াকৈ মধুৰীআম খাই এই সমস্যাৰ পৰা মুক্ত হব পাৰে।
মধুৰীআমৰ সেৱনে বাতবিষ কমোৱাত সহায় কৰে ,হাঁড়ৰ ক্ষয় ৰোধ কৰে ,ছালৰ কমনীয়তা বঢ়ায়৷