Local, Vocal, Global

প্লাষ্টিকৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড !

ডিজিটেল ডেস্ক:- দিল্লীৰ টিক্ৰি পিভিচি বজাৰৰ এটা প্লাষ্টিকৰ গুদামত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।জুই ইমানেই ভয়ংকৰ আছিল যে জুইৰ লেলিহান শিখা কেইবা কিলোমিটাৰ দূৰলৈকে দেখা গৈছিল।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে, জুই নিয়ন্ত্ৰণ ৰখাৰ বাবে ২৫ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ উপস্থিত হয় যদিও বৰ্তমান লৈকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
দিল্লী-হাৰিয়ানা সীমান্তত অৱস্থিত দিল্লীৰ টিক্ৰি পিভিচি বজাৰৰ প্লাষ্টিকৰ গুদামত শনিবাৰে পুৱা এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো খালি কৰি দিছে। অগ্নিকাণ্ডটোৰ কাৰণ এতিয়া লৈকে জানিব পৰা হোৱা নাই।