Local, Vocal, Global

হোষ্টেলৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ…

ডিজিটেল ডেস্ক:- যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অঘটন।যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যু।ছাত্ৰৱাসৰ কোঠাতে উদ্ধাৰ মৃতদেহ।ঘটনাক লৈ তীব্ৰ চাঞ্চল্য মহাবিদ্যালয়খনত।যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্ৰৱাসৰ ৫০৬ নম্বৰ কোঠাত আছিল ছাত্ৰজন।তেওঁ পূৰ্বে অনুত্তীৰ্ণ হোৱা পৰীক্ষাত পুনৰ বহিবলৈ মহাবিদ্যালয় খনত আছিল ।পৰীক্ষা দিবলৈ গৈ ৫নং ছাত্ৰাৱাসৰ আৱাসী হৈ আছিল ছাত্ৰজন।

কিন্তু কোঠাতে উদ্ধাৰ হয় মৃতদেহ।শুকুৰবাৰে পুৱাই উদ্ধাৰ কৰে মৃতদেহটো।জানিব পৰা মতে ছাত্ৰজনৰ নাম নিহাজুল নিহাজ। ঘৰ গুৱাহাটীৰ মিৰ্জাত।ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষ আৰু ছাত্ৰাৱাসৰ ৱাৰ্ডেনৰ বিৰুদ্ধে।কিন্তু ঘটনাটো শুকুৰবাৰে নিশালৈ বিয়পি পৰে সৰ্বত্ৰে।শুকুৰবাৰে ছাত্ৰজনৰ পৰিয়ালৰ লোক গৈ নোপোৱাৰ বাবে শনিবাৰেহে মৰণোত্তৰ পৰীক্ষাৰ কৰা হয়।ছাত্ৰজনৰ মৃত্যু কেনেকৈ হয় এতিয়ালৈ জানিব পৰা হোৱা নাই।মৰণোত্তৰ পৰীক্ষাৰ পাছতে প্ৰকৃত কাৰণ কি।ঘটনাই মহাবিদ্যালয় চৌহদত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে লগতে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ জানিবলৈ শিক্ষাৰ্থীসকলে বিতং তদন্তৰ দাবী জনাইছে।স্থানীয় আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হোষ্টেলৰ ৱাৰ্ডেন আৰু অন্যান্য কৰ্মচাৰীক জেৰা আৰম্ভ কৰিছে।