অমিতা খাই ভাল পাই নে আপুনি?অমিতাত আছে বহুতো উপকাৰী গুণাগুণ…

অমিতা আমাৰ দৈনন্দিন জীৱনৰ এক পৰিচিত খাদ্য।প্ৰত্যকগৰাকী অসমীয়াৰ ঘৰত অমিতাৰ গছ থকা প্ৰায়েই পৰিলক্ষিত হয়।অমিতাৰ ফুলটোৰ পৰা ফলটো পকালৈ প্ৰত্যেকটো অংশই বিভিন্ন ঔষধি কাৰণত ব্যৱহাৰ কৰা দেখা যায়।আজি আমি আপোনালোকক অমিতাৰ উপকাৰীতাৰ বিষয়ে কম….
১.অমিতাত থকা ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে ।
২.অমিতা ছালৰ বাবে উপকাৰী।
৩.যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
৪.অমিতা গছৰ পৰা ওলোৱা বগা ৰস লগালে জুয়ে পোৰাৰ দাগ আঁতৰ হোৱাত সহায় হয়।
৫.অমিতা হৃদযন্ত্ৰৰ বাবে উপকাৰী।
৬.অমিতাই বাত বিষ কমোৱাত সহায় কৰে আৰু দাঁতৰ বিষ কমোৱাত সহায় কৰে।
৭.অমিতাই ব্লাড প্ৰেছাৰ হ্ৰাস কৰে।
৮.কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী, হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ খোৱাটো অতি উপকাৰী
৯. অমিতা খালে গেছ, বদহজম, বুকু জ্বলা-পোৰা দূৰ হয়।