নগাঁৱত ধৰ্ষণৰ সন্দেহত গাওঁ পঞ্চায়তৰ সভাপতিক আটক !

বুধবাৰে নগাঁও জিলাৰ ভুমুৰাগুৰি গাওঁ পঞ্চায়তৰ সভাপতিক আটক কৰে আৰক্ষীয়ে।গুলজাৰ হুছেইন ওৰফে ৰাকিবুল হুছেইন বুলি চিনাক্ত কৰা লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰে গাওঁ পঞ্চায়তৰ সভাপতিজনক ।ৰাকিবুল হুছেইন বটদ্ৰৱাৰ ভুমুৰাগুৰি গাওঁ পঞ্চায়তৰ সভাপতি।ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ পিছত গুলজাৰ হুছেইন কেইবাদিনেও পলাতক অৱস্থাত আছিল।কিন্তু বুধবাৰে আৰক্ষীয়ে ভুক্তভোগীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে গাওঁ পঞ্চায়তৰ সভাপতিকজনক।