আজি আলি-আয়ে-লৃগাং,ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকসকলে উখল-মাখলেৰে পালন কৰিছে এই উৎসৱ…

সমগ্ৰ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং।আলি-আয়ে-লৃগাং মিচিং সকলৰ এক জাতীয় উৎসৱ।কৃষিজীৱি মিচিং লোকসকলৰ আজি পৰম্পৰা অনুসৰি শস্য ৰোপণ অথবা বীজ সিঁচাৰ উৎসৱ আলি-আয়ে-লৃগাং পালন কৰে।প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সকলে এই উৎসৱ পালন কৰে।আজি চিনটোৰ পৰাই মিচিং লোকসকলে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে।
আনহাতে লৃগাঙৰ প্ৰথম দিনাই পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিচিঁ তেওঁলোকে কাম আৰম্ভ কৰে৷ লগতে
ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে। দিনৰ ভাগত ঘৰে ঘৰে বিহু মাঁৰোতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে। মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে।
নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়।
আলি-আয়ে-লৃগাঙৰ প্ৰত্যেকটো দিশতে তাৎপৰ্যপূৰ্ণ আৰু সৃষ্টিমূলক তথ্য লুকাই আছে। এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ বিহিত হৈ আছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে লৃগাং উৎসৱৰ মাংগলিক শ্লোক বোৰত সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱীক উদ্দেশ্য কৰি সমগ্ৰ মানৱ জাতিৰ মংগল কামনা কৰা হয়।
আলি-আয়ে-লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়। আনহাতে লৃগাং পাঁচ বা সাতদিনলৈকে উদযাপন কৰি বিশেষ নীতি-নিয়মেৰে এই উৎসৱৰ সামৰণি পৰে৷