আজমলক তালাক, মই সভাপতি হৈ থকালৈ AIUDFৰে মিত্ৰতা নকৰোঁ

নিউজ ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই আজি এক সংবাদমেলত কয় যে তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা পৰ্যন্ত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা অসম্ভৱ। মহাযোঁটবন্ধনৰ অংশীদাৰ AIUDFৰ সৈতে বিগত ৰাজ্যসভা নিৰ্বাচনৰ সময়ৰে পৰা কংগ্ৰেছে নিৰাপদ দূৰত্বত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে। AIUDFৰ কৰিমুদ্দিন বৰভূঁঞাৰ কংগ্ৰেছ AIUDFৰ মিত্ৰতা সন্দৰ্ভত কৰা এক মন্তব্য সন্দৰ্ভত প্ৰত্যুত্তৰ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছৰ সভাপতি হৈ থকা পৰ্য্যন্ত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা অসম্ভৱ।