Local, Vocal, Global

২০২১ত দিছপুৰ দখলৰ লক্ষ্য, ৰাজ্যত অচিৰেই এক নতুন আঞ্চলিক দল

ৰাজ্যত ২০২১ত দিছপুৰ দখলৰ লক্ষ্যৰে অচিৰেই অভিষেক ঘটিব এক নতুন আঞ্চলিক দলৰ।  আগন্তুক নিৰ্বাচনত অসমৰ পৰা বিজেপিক উৎখাতৰ বাবে গুৱাহাটীত সন্মিলিত হ’ল ছয়টা দল-সংগঠন। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ৰাজ্যত আঞ্চলিক ৰাজনীতিক শক্তিশালী ৰূপ দিয়াৰ উদ্দেশ্যে আজি অনুষ্ঠিত এক বৈঠকত এখন আহ্বায়ক সমিতিও গঠন কৰা হয়। এই সমিতিয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো আঞ্চলিকতাবাদী ব্যক্তি-সংগঠনৰ সৈতে আলোচনা কৰি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।একাধিক দল-সংগঠনৰ এই উমৈহতীয়া মঞ্চই ৰাজ্যত আঞ্চলিকতাবাদক পুনৰুদ্ধাৰ কৰি ২০২১ অত দিশপুৰত চৰকাৰ গঠনত শক্তিশালী ভূমিকা ল’ব বুলি বৈঠকৰ পাছতে সাংবাদিকৰ আগত আশা প্ৰকাশ কৰে সাংসদ অজিত কুমাৰ ভূঞাই।