Local, Vocal, Global

The Untold Story! কিয় চিপ ল’লে বলীউডৰ নায়ক সুশান্ত সিং ৰাজপুতে?

মাই নিউজ এন ই ডেস্কঃ বলীউডৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা৷ মুম্বাইৰ বান্দ্ৰাৰ নিজৰ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে ৩৪ বছৰীয়া অভিনেতাজনে৷ দেওবাৰে পুৱা সুশান্তৰ কোঠাৰ বন্ধ দৰ্জা ভাঙি বন্ধুবৰ্গই উদ্ধাৰ কৰে চিপজৰীত ওলমি থকা সুশান্তৰ মৃতদেহ৷ Kai Po Che! নামৰ ছবিৰে বলীউডত ভুমুকি মৰা অভিনেতাজনক শেষবাৰৰ বাবে ছিছ’ৰে নামৰ ছবিত অভিনয় কৰিছিল৷

মৃতদেহ উদ্ধাৰৰ সময়ত সুশান্তৰ বাসগৃহত আছিল কেইবাজনো বন্ধু৷ আৰক্ষীৰ হাতত পৰা প্ৰাৰম্ভিক তথ্য মতে যোৱা ছমাহ ধৰি ডিপ্ৰেশ্যনত ভুগি আছিল সুশান্ত৷ উপস্থিত বন্ধুসকলে সংবাদ মাধ্যমক জনোৱা মতে ডিপ্ৰেশ্যনেই কাল হ’ল সুশান্তৰ৷ এইপৰ্যন্ত আৰক্ষীৰ হাতত পৰা নাই কোনো ছুইচাইড নোট৷

‘পৱিত্ৰ ৰিস্তা’ নামৰ সৰু পৰ্দাৰ ধাৰাবাহিকখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰি সুখ্যাতি লাভ কৰাৰ পিছত চলচ্চিত্ৰ জগতত ভৰি থয় সুশান্ত সিং ৰাজপুতে৷ প্ৰথম ছবি Kai Po Cheৰ সফলতাৰ পিছত নিশাৰ ভিতৰতে তাৰকাৰ শাৰীলৈ উত্তীৰ্ণ হৈছিল সুশান্ত৷ মহেন্দ্ৰ সিং ধোনীৰ কাহিনীৰে নিৰ্মিত বায়’পিক MS Dhoni-The Untold Story, পৰিণতি চোপ্ৰাৰ সৈতে Shuddh Desi Romanceকে ধৰি ভালেকেইখন ছবিত স্মৰণীয় অভিনয় কৰি গ’ল সুশান্ত সিং ৰাজপুতে৷ লক্ষ্যণীয়ভাৱে শ্ৰদ্ধা কাপুৰৰ সৈতে সুশান্তৰ অন্তিমখন ছবি Chhichhoreৰ কাহিনীও আছিল কলেজীয়া জীৱন আৰু পৰৱৰ্তী পৰ্যায়ৰ হতাশগ্ৰস্ততাক লৈ৷ বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা সুশান্তৰ ভাতৃ এজন বিধায়ক৷

সৰ্বভাৰতীয় পৰীক্ষাত সপ্তম স্থান লাভ কৰি দিল্লী কলেজ অব ইঞ্জিনীয়াৰিঙৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক উপাধিপ্ৰাপ্ত সুশান্ত সিং আছিল ফিজিক্স অলিম্পিয়াডৰো বিজয়ী৷ বেৰী জনৰ অভিনয় প্ৰতিষ্ঠানৰ পৰা অভিনয় শিকি কেমেৰাৰ সন্মুখলৈ অহা সুশান্তৰ আত্মহননত হতভম্ব বলীউড, হতভম্ব তেওঁৰ অনুৰাগীসকল৷