Local, Vocal, Global

দিচাং নৈত জাহ যোৱাৰ উপক্ৰম সোণাৰিৰ চেঁচা সত্ৰ কৃষি পাম

চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দুমুখীয়াৰ সমীপত অৱস্থিত চেঁচা সত্ৰ কৃষি পামখনলৈ নামি আহিছে ভাবুকি । দিচাং নৈৰ বাঢ়নী পানীত জাহ যোৱাৰ উপক্ৰম হৈছে চেঁচা সত্ৰ কৃষি পামখন । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা দিচাং নৈয়ে সৃষ্টি কৰা প্ৰৱল খহনীয়াৰ ফলত কৃষি পামখনৰ বিস্তৃত অঞ্চল ইতিমধ্যে জাহ গৈছে নৈখনত । ইয়াকে লৈ কৃষি পামখনৰ সৈতে জড়িত হৈ থকা অঞ্চলটোৰ ৬০-৬৫ টা কৃষক পৰিয়াল চিন্তিত হৈ পৰিছে। কৃষি পামটোৰ সৈতে ঐতিহাসিক নাহৰআলি সংযোগী একমাত্ৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাও গঞা ৰাইজক বাৰুকৈ জলা কলা খুৱাইছে।বিগত সময়ত সমষ্টিটোৰ জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ মূৰব্বী বিষয়া সকলৰ সৈতে  গৰাখহনীয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেইবাবাৰো যোগাযোগ কৰিছিল যদিও তেওঁলোকৰ পৰা আশ্বাস আৰু ভুৱা প্ৰতিশ্ৰুতিৰ বাদে একো নেপালে অঞ্চলটোৰ দৰিদ্ৰ কৃষক সকলে  । লকডাউনৰ সময়ছোৱাত পামখনৰ কৃষক সকলে সমগ্ৰ চৰাইদেউ জিলাৰ ৰাইজক বিভিন্ন শাক পাচলিৰ যোগান ধৰি বিৰাট সকাহ দিছিল যদিও বৰ্তমান তেওঁলোকৰ দুখত সমভাগি হবলৈ কিন্তু  ৰজাঘৰীয়া আৰু প্ৰজা ঘৰীয়াৰ আজৰি নাই ।