Local, Vocal, Global

পাকিস্তানে বিক্ৰী কৰিব দিলীপ কুমাৰ, ৰাজ কাপুৰৰ পৈত্ৰিক গৃহ

যোৱা ছেপ্টেম্বৰ মাহত পাকিস্তানৰ খাইবাৰ পাখটুনখোয়াৰ ৰাজ্যিক প্ৰশাসনে কিংবদন্তী অভিনেতা দিলীপ কুমাৰ আৰু ৰাজকুমাৰৰ পৈত্ৰিক দুয়োটা গৃহ ৰাষ্ট্ৰীয় ঐতিহ্যত তালিকাভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এইবাৰ পাকিস্তানস্থিত বলীউডৰ দুই কিংবদন্তী অভিনেতাৰ পৈত্ৰিক গৃহৰ দাম নিৰ্ধাৰণ কৰিছে পাক চৰকাৰে। জৰাজীৰ্ণ অৱস্থাত পৰি আছে পাকিস্তানৰ অট্টালিকা সদৃশ দুয়োটা বাসভৱন। ৰাষ্ট্ৰীয় ঐতিহ্যৰ তালিকাভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ধ্বংসৰ গৰাহলৈ অতিক্ৰম কৰা বাসগৃহ দুয়োটা ভাঙি পেলোৱাৰো নিৰ্দেশ দিয়া হৈছিল একাধিকবাৰ। কিন্তু গৃহ দুটা ক্ৰয় প্ৰক্ৰিয়া ইতিমধ্যে আগবঢ়াৰ পিছত অধিক সক্ৰিয় হৈছে স্থানীয় প্ৰশাসন। দিলীপ কুমাৰৰ ১,০৮৯ বৰ্গফুটৰ গৃহটোৰ বাবে ৮০ লাখ ৫৬ হাজাৰ টকাৰ দাম নিৰ্ধাৰণ কৰা হৈছে। ৰাজকাপুৰৰ ১,৬৩৩.৫ বৰ্গফুটৰ গৃহটো ডেৰ লাখ টকাত কিনি লোৱাৰ কথা জনাইছে স্থানীয় ৰাজ্যিক প্ৰশাসনে। পেছোৱাৰৰ উপায়ুক্ত মহম্মদ আলী আজগৰে গৃহ দুটা মূল্য নিৰ্ধাৰণৰ দায়িত্ব পালন কৰিছে। ৰাজকাপুৰৰ গৃহটোক স্থানীয়ভাৱে কাপুৰ হাৱেলিৰূপে সকলোৱে জানে। ১৯১৮ আৰু ১৯২২ চনৰ মাজৰ সময়ছোৱাত গৃহটোৰ নিৰ্মাণ কাৰ্য কৰিছিল ৰাজকাপুৰৰ ককাদেউতাকে। পেছোৱাৰস্থিত এই বাসভৱনতে ৰাজকাপুৰৰ জন্ম হৈছিল। আনহাতে দিলীপ কুমাৰৰ গৃহটো শতবৰ্ষ পুৰণি। ২০১৪ চনত সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ চৰকাৰে গৃহটো ৰাষ্ট্ৰীয় ঐতিহ্যৰ তালিকাভুক্ত কৰিছিল। কাপুৰ হাৱেলিৰ বৰ্তমানৰ গৰাকী আলী কদৰৰ মন্তব্য- মই বিচৰা নাই এটা ঐতিহ্যবাহী গৃহ ভাঙি পেলোৱা হওক। এই সন্দৰ্ভত প্ৰত্নতত্ব বিভাগত বহুবাৰ আৱেদন জনাইছো। এই ঐতিহ্যবাহী গৃহক দেশৰ গৌৰৱ হিচাপে সংৰক্ষণ কৰা হওক। আনহাতে একাংশৰ মতে গৃহটোৰ বৰ্তমানৰ গৰাকীয়ে কাপুৰ হাৱেলিৰ বাবে ৰাজ্যিক চৰকাৰৰ পৰা ২০০ কোটি টকা দাবী কৰাত সমগ্ৰ প্ৰক্ৰিয়াটোত বাধা আহি পৰে।