Local, Vocal, Global

২০২১ৰ বিধানসভাৰ প্ৰথম অধিৱেশনতে বাতিল কৰিব লাগে ‘কা’

জিএমচিএইচলৈ অনা হ’ল কৃষক নেতা অখিল গগৈক। জিএমচিএইচলৈ অনাৰ সময়তে কৃষক নেতা অখিল গগৈয়ে সাংবাদিকৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ‘কা’ অসমৰ জাতীয় প্ৰশ্ন, কা আমি বিৰোধিতা কৰিবই লাগিল, কা আমি বাতিল কৰাব পাৰিব লাগিব। যদিহে কা বাতিল কৰিব নোৱৰা তেন্তে আমি বাচি থাকিব নোৱাৰিম। তাৰ কাৰণে যিমান যুদ্ধ, যুঁজ, সংগ্ৰাম কৰিব লাগে সিমানদিনলৈ যুঁজ কৰি যোৱাৰ বাবে আমি আটায়ে প্ৰস্তুত হ’ব লাগিব৷ আৰু এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশাটোৱেই হ’ল এইটো৷ এই আহ্বান কৃষক নেতা অখিল গগৈৰ। ৰাজ্যত কা আন্দোলন স্তিমিত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি পুনৰ অসমীয়াক ‘কা’ৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ আহ্বান জনালে কৃষক নেতাগৰাকীয়ে। চলিত মাহতে জে’লৰ পৰা ওলাব বুলি আশাবাদী কৃষক নেতাজনে ক’লে ২০২১ৰ নিৰ্বাচনত বিজেপিক ওফৰাই প্ৰথমখন বিধানসভা অধিৱেশনতে ‘কা’ অসমত বলৱৎ নহ’ব বুলি প্ৰস্তাৱ ল’ব লাগে। লগতে ২০২১ত পৰাভূত কৰিব লাগিব হিন্দুত্ববাদী আৰু মুছলমান মৌলবাদীক।