Local, Vocal, Global

অৱশেষত CID ৰ জালত দিবন ডেকা

SI নিযুক্তি কেলেংকাৰিৰ অন্যতম খলনায়ক দিবন ডেকাৰ পাটাছাৰকুছিত আত্মসমৰ্পণ। পত্নীসহ গুৱাহাটীলৈ  আত্মসমৰ্পণৰ উদ্দেশ্যে আহি থকাৰ সময়তে পাটাছাৰকুছি ৰাষ্ট্ৰীয় ঘাইপথত নিশা ১১ বাজি ৪৫ মিনিটত পূৰ্বৰে পৰা CID ৰ এটা বিশেষ দলে খাপ পিটি থকা সময়ত দিবন ডেকাই উক্ত স্থানতে আত্মসমৰ্পণ কৰে।

দিবন ডেকাৰ আত্মসমৰ্পণৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত নিশাই গুৱাহাটীলৈ অনা হয়। পোনে পোনে  দিবন ডেকাক গুৱাহাটীৰ কাহিলীপাৰা স্থিত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ান কেম্পলৈ অনা হয় । সম্প্ৰতি দিবন ডেকাক আৰক্ষীয়ে মাৰাথান জেৰা চলাই আছে বুলি জানিবলৈ দিয়ে।