ছত্তীশগড়ৰ প্ৰথম মহিলা সাংসদ মিনাক্ষী মিনিমাতাৰ স্মৃতিত কলিয়াবৰত পুথিভঁড়াল স্থাপন

ছত্তীশগড় ৰাজ্যৰ প্ৰথম মহিলা সাংসদ তথা মহাত্মা গান্ধী নেতৃত্বাধীন অসহযোগ আন্দোলনৰ সক্ৰিয় কৰ্মী মিনাক্ষী মিনিমাতাৰ জন্ম হৈছিল ১৯১৩ চনৰ ১৩ মাৰ্চত অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও বামুণভেটিত । মিনিমাতাই পৰৱৰ্তী সময়ত পুনৰ ছত্তীশগড়লৈ ঘূৰি গৈছিল। ছত্তীশগড়ৰ লোকসভাৰ প্ৰথমগৰাকী মহিলা সাংসদ নিৰ্বাচিত হয়। তেওঁৰ ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বয়স ২১ বছৰত বিয়া কৰোৱাৰ ব্যৱস্থা কৰিছিল। লগতে তেওঁ ভাৰতীয় ৰে’লৱে ব’ৰ্ডৰ সদস্য হিচাপেও নিৰ্বাচিত হয় । কিন্তু এক বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল।
আজিও মিনিমাতাৰ স্মৃতি কলিয়াবৰত এতিয়াও সজীৱ হৈ আছে। সৎনামী সমাজে মিনিমাতাৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে বামুণভেটিত এটা পুথিভঁড়াল স্থাপন কৰিছে। আনহাতেদি চিকনীত এটা মিনিমাতা ভৱন নিৰ্মাণৰ কাৰণে ছত্তীশগড় চৰকাৰে ২০ লাখ টকা প্ৰদান কৰিছে। অহা ফেব্ৰুৱাৰীৰ ভিতৰত তিনিমহলীয়াকৈ এই ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে সৎনামী সমাজে।