Local, Vocal, Global

ভেন্সাৰ শিক্ষকৰ মৰ্ম বেদনা বুজিব কোনে ?

ভেন্সাৰ শিক্ষকৰ মৰ্ম বেদনা বুজিব কোনে ? বিনা বেতনে শিক্ষকতা কৰি এতিয়া চিকিৎসাৰ পৰাও বঞ্চিত ভেন্সাৰ শিক্ষক।

ৰাজ্যত চৰকাৰে একাংশ ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিলে যদিও আন একাংশ শিক্ষকে চৰকাৰৰ ৰঙা ফিটাৰ মেৰ পেচৰ বাবে পদ প্ৰাদেশিকীকৰণ হোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ল। অধিকাংশ শিক্ষকে আকৌ টিউটৰ পদ লৈয়ে সন্তুষ্টি লভিবলগীয়া হ’ল। তেনে সময়তে বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী ভেন্সাৰ শিক্ষকে এতিয়া দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ বাবে হাবাথুৰি খাব লগা হৈছে।

যি সময়ত ২৫-৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পিছতো চৰকাৰৰ পৰা ফুটা কড়ি এটাও নাপালে তেনে সময়তে গোৰেশ্বৰৰ বেঙেনাহাটী হাইস্কুলৰ শিক্ষক ৫নং গোৰেশ্বৰ গেৰুৱা নিবাসী  আইনুল হক যোৱা ৩ জুলাই শণিবাৰ দিনৰ  প্ৰায় ২ বজাত বিদ্যালয়ৰ পৰা উভটি আহি থকাৰ সময়তে এটি দুৰ্ঘটনাত পতিত হৈ এতিয়া বিচনাতে থাকিব লগীয়া হৈছে। সিদিনা আইনুল হকে বিদ্যালয়ৰ পৰা কাম সামৰি ঘৰলৈ উভটি আহি থকা সময়তে পিছপিনৰ পৰা এখন ট্ৰাকে খুন্দিয়াই থৈ যায়। যাৰ ফলত তেওঁ ভৰি আৰু কঁকালত বেয়াকৈ আঘাট প্ৰাপ্ত হয়।

১৯৯৬ চনত স্থাপিত বেঙেনাহাটী হাইস্কুলত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি ভেন্সাৰ বিদ্যালয়তে জীৱনৰ  ২৮ টা বছৰে অতিবাহিত কৰিলে । কিন্তু প্ৰাদেশিকীকৰণ নহ’ল বিদ্যালয়খন। যাৰ বাবে এতিয়া উন্নত চিকিৎসাৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে। সেয়েহে বিনা বেতনে শিক্ষকতা কৰি জীৱন অতিবাহিত কৰা আইনুল হকে চৰকাৰ তথা সদাশয় ৰাইজৰ পৰা সহায় বিচাৰিছে। তেওঁক সহায়ৰ বাবে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখা একাউন্ট নম্বৰ -৩০৪১০৮৬৬৩১২ আইএফএচচি নম্বৰ- এছবিআই এন ০০১০৪১৩ যোগাযোগ নম্বৰ-

৯৪০১৩ ৮৭৫৫০