Local, Vocal, Global

অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান

অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান
১৯২২ চনত পাকিস্তানত এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰে এজন কিশোৰে।কিশোৰ জনৰ নাম আছিল মহম্মদ ইউচুফ খান।পৰৱৰ্তী সময়ত কিশোৰজনে ভাৰতৰ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিয়েই তেওঁৰ নাম মহম্মদ ইউচুফ খানৰ পৰা দিলীপ কুমাৰলৈ পৰিৱৰ্তন কৰে আৰু সেইজন কিশোৰেই বলীউডৰ প্ৰখ্যাত অভিনেতা হিচাপে সকলোৰে মন জয় কৰে।

আজি পুৱা ৭ বাজি ৩০ মিনিটত এইজনা প্ৰখ্যাত অভিনেতাই মুম্বাইৰ হিন্দুজা হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৯৮ বছৰ।