Local, Vocal, Global

চৰকাৰে যোগান ধৰা বিনামূলীয়া শালি ধানৰ বীজ ৰোপণ কৰি বিপদত এতিয়া কৃষক

চৰকাৰে যোগান ধৰা বিনামূলীয়া শালি ধানৰ বীজ ৰোপণ কৰি বিপদত এতিয়া ধিঙৰ কেইবাখনো গাৱঁৰ কৃষক । পথাৰত কৃষক মুক্তিৰ বিষয়ববীয়া ।

কৃষি বিভাগে যোগান ধৰা উন্নত মানৰ শালি ধানৰ বীজ ৰোপণ কৰি বিপদত পৰিছে ধিঙৰ কেইবাখনো গাৱঁৰ কৃষক । কাৰণ ভূঁই ৰোৱাৰ এমাহ নৌহওঁতেই ওলাল থোক । নগাঁও জিলা কৃষি বিভাগে ধিঙৰ বিলতীয়া, লহকৰক গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ কেইবা শতাধিক কৃষকক যোগান ধৰিছিল BINA – 11 আৰু বাহাদুৰ নামৰ শালি ধানৰ উন্নত মানৰ বীজ ।

কিন্তু চৰকাৰে যোগান ধৰা শালি ধানৰ কঠীয়া ৰুই দিকবিদিক হেৰুৱাইছে এতিয়া ধিঙৰ কৃষক সকলে । গাঁঠিৰ ধন খৰচ কৰি কপালৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা সপোনৰ খেতিডৰা চাই নীৰৱে চকুলো টুকিছে যদিও এই কৃষক সকলৰ কাষত থিয় হোৱা নাই কৃষিবিভাগৰ কোনো লোক । মাথো কঠিয়া ৰোৱাৰ শুভাৰম্ভনি কৰি ফটো উঠি চৰকাৰৰ বা: বা: লোৱাতোৱেই যেন তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য ।

সোমবাৰে নগাঁও জিলা কৃষক মুক্তিৰ সংগ্রাম সমিতিৰ কেইবাজনো বিষয়ববীয়া দূৰ্ভগীয়া কৃষক সকলৰ কাষত থিয় হৈ কৃষি বিভাগকক হুংকাৰ প্ৰদান কৰি ক্ষতিগ্রস্ত কৃষকক ক্ষতি পূৰণ দিবলৈ দাবী জনায় ।তাৰোপৰি চৰকাৰে সঠিক তদন্ত কৰি দোষীক বিহীত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে নগাঁও জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে