বাইক চুৰৰ চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দি হয় চিচিটিভি কেমেৰাত
বৰক্ষেত্ৰীৰ ৰামপুৰত চিকিৎসক দম্পত্তীৰ গৃহত চুৰিকাৰ্য ৷ নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ চিকিৎসক দম্পত্তী পৰিয়াল এটিত নিশা সংঘটিত হয় চুৰিকাৰ্যৰ ঘটনা ৷ গাঁৱখনৰ চিকিৎসক ডা: মৃদুল আহমেদ আৰু মনোৱাৰা বেগমৰ গৃহত সংঘটিত হয় চুৰিকাৰ্য ৷
নিশা চোৰে চিকিৎসক দম্পত্তীৰ গৃহৰ গেটৰ তলা ভাঙি সংঘটিত কৰে চুৰিকাৰ্য ৷ চোৰে চিকিৎসক ডা: মৃদুল আহমেদৰ AS-14J-7548 নম্বৰৰ আপাচী আৰ.টি.আৰ মটৰ চাইকেলখন লৈ উধাও হয় ৷ চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য বন্দি হয় চিকিৎসকজনৰ চিচিটিভি কেমেৰাত ৷ পুৱা চিকিৎসকজনে ঘটনা প্ৰত্যক্ষ কৰি দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷
পৰবৰ্তী সময়ত চিকিৎসকজনৰ গৃহত আৰক্ষী উপস্থিত হৈ চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ দিনৰ ভাগত কৰ্মসুত্ৰে চিকিৎসালয়লৈ ওলাই গৈ মানৱ সেৱাত ব্ৰীত থকা চিকিৎসকে দম্পত্তীহালে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে ৷