Local, Vocal, Global

দুঃসাহসিককতাৰ পৰিচয় দিয়া পাপলু এতিয়া সকলোৱে বাবে ভগৱান স্বৰূপ

সকলোৰে বাবে পাপলু এতিয়া ভগৱান । পাপলুৰ বাবেই বহু কেইজনে ঘূৰাই পালে নিজৰ আত্মীয়ক । পাপলুৰ সম্পূৰ্ণ নাম ‘পাপলু টাইড’ । বহুকেইটা পৰিয়ালৰ বাবে পাপলু এতিয়া ভগৱান স্বৰূপ । তেওঁৰ বাবেই বহু কেইটা পৰিয়ালে নিজৰ আত্মীয়ক ঘূৰাই পালে ।
৮ ছেপ্তেম্বৰত সংঘটিত হোৱা নিমাতীঘাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা ৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱা বহু লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় পাপলুৱে । অকাল্পনিক ফেৰী দুৰ্ঘটনাৰ সময়ত ৫ গৰাকী ব্যক্তিক জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল মাজুলীৰ চেলেং গাঁৱৰ পাপলু টাইডে ।
সেই মৰ্মান্তিক ঘটনাটোৰ সাক্ষী হৈ ৰয় পাপলু । চকুৰ পচাৰতে সংঘটিত হৈছিল সেই শিহৰণকাৰী দৃশ্য । যোৰহাটত পৰীক্ষা দি মাতৃৰ সৈতে ঘৰমুৱা হৈছিল পাপলু । বিপৰীতমুখী টিপকাই ফেৰী খনে আহি মা-কমলা ফেৰী খনত খুন্দা মাৰিছিল আৰু সেই মা-কমলা ফেৰী খনতে আছিল পাপলু আৰু তেওঁৰ মাতৃ । বাৰে বাৰে মাকক বিচাৰি থকা পিছত পানীত মাকক প্ৰত্যক্ষ কৰি ‘মা মা বুলি চিঞৰি ‘ ফেৰীৰ পৰা পানীত জাঁপ দিছিল পাপলুৱে । মাতৃক উদ্ধাৰ কৰা উপৰিও আন কেইবাজন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল পাপলুৱে ।

পাপলুৰ সাহসিকতাৰ দৃশ্য এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত । বৰ্তমান পাপলুৰ সাহসিকতাক শলাগিছে সমগ্ৰ ৰাজ্যবাসীয়ে ।