Local, Vocal, Global

শালমাৰি পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা

চিকিৎসালয় নহয় যেন এটা গোহালিহে। ধেমাজি জিলা বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত শালমাৰি পশু চিকিৎসালয়ৰ  জৰাজীৰ্ণ অৱস্থা।  ২৭ বছৰ পূৰ্বেই হেনো চিকিৎসালয়খনৰ কৰ্মচাৰীসকলক দেখা পাইছিল স্থানীয় ৰাইজে।তাৰপিছত আজি পৰ্যন্ত কোনো কৰ্মচাৰীক নেদেখাৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৰবাম আঞ্চলিক সমিতিৰ। বৰ্তমান  চিকিৎসালয়খন পৰিণত হৈছে গৰু ছাগলীৰ বাসস্থান হিচাপে। ভাঙি চিঙি জৰাজীৰ্ণ হৈছে শালমাৰি পশু চিকিৎসালয়খন।

আটাছু সংগঠনৰ বিষয়ববীয়া সকলে শাসনাধিষ্ট চৰকাৰক অতি শীঘ্ৰে পশু চিকিৎসালয়খন পুনৰ নিৰ্মাণ কৰি আৰু নতুনকৈ চিকিৎসক নিয়োগ কৰি পশুপালক সকলৰ সমস্যা দুৰ কৰিবলৈ আহ্বান জনাইছে।