Local, Vocal, Global

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তত জব্দ অৰ্ধশতাধিক গৰু

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তত নিয়োজিত হৈ থকা ৬নং বিএনবিএছএফৰ জোৱানে বৰাইৰ আলগা সীমান্তত জব্দ কৰে চোৰাং গৰু। ১০টা গৰুসহ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে বিএনবিএছএফৰ জোৱানে। লগতে শিশুমাৰাৰ সীমান্তৰ পৰা আটক কৰে ৮টা গৰু আৰু এটা চোৰাং গৰু সৰবৰাহকাৰীক। আনহাতে ব্ৰহ্মপুত্ৰৰ উন্মুক্ত নদী সীমান্তৰ চৌকীচৰৰ পৰা ২১টা আৰু মহামায়া চৰৰ পৰা ১০টা গৰু উদ্ধাৰ কৰে ৪১ বিএনবিএছএফৰ জোৱানে।

৬নং বিএনবিএছএফৰ জোৱানে আটক কৰা চোৰাং গৰু সৰবৰাহকাৰীটো হ’ল মহিম শ্বেইখ, শ্বাহিদুল ইছলাম, জাকিৰ হুছেইন, ছাইদুৰ ইছলাম আৰু আখেৰুল ইছলাম। সম্প্ৰতি আটকাধীন চোৰাং গৰু সৰবৰাহকাৰীকেইটাক বিএনবিএছএফে খাৰুৱাবন্ধা আৰক্ষী চকীত গতাই দিয়ে।