Local, Vocal, Global

PPE KITৰ সন্ত্ৰাসত ৰাজ্যবাসী

চৌপাশে কৰ’নাৰ গণ সংক্ৰমণৰ আশংকাই ছানি ধৰাৰ সময়ত ধেমাজিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এযোৰ PPE KIT, বহু দৰৱ, চেলাইনৰ বটলসহ এটা প্ৰকাণ্ড টোপোলা পৰি থকাত আতংকময় পৰিৱেশৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ মাজত৷ ধেমাজি জীয়াধল দলঙৰ সমীপত পাতল নীলা বৰণৰ PPE KIT সদৃশ পোছাক পৰি থকাত দ্বিধাগ্ৰস্ত হৈ পৰিছে অঞ্চলটোৰ লোক৷ উল্লেখ্য যে ব্যৱহাৰ কৰি থকা PPE KIT পোছাকসহ ঔষধৰ টোপালা কেনেকৈ এই স্থানত পৰিল সেয়া এক ৰহস্য? নে স্বাস্থ্য বিভাগৰ অসাৱধানতাৰ স্বৰূপ এয়া? কাৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সংঘটিত হৈছে ৰাজ্যত এনেবোৰ কাণ্ড?