Local, Vocal, Global

Deven Dutta Passed Away : শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

নিউজ ডেস্ক, ১৮ আগষ্ট : অসমৰ শিক্ষাবিদ, বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, (Prof Deven Dutta)অসমীয়া ভাষাৰ অনন্য সাধক তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান (Deven Dutta Passed Away)। বৃহস্পতিবাৰে নিশা ১২ বাজি ১০ মিনিটত GMCHত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ দেৱেন দত্তৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮১ বছৰ আছিল। তেওঁক ১১ আগষ্টত স্বাস্থ্যজনিত কাৰণত GMCHত ভৰ্তি কৰোৱা হৈছিল। তাৰপাছতেই ১৭ আগষ্ট নিশা GMCHত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই ।

১৯৪৪ চনত ৫ এপ্ৰলিত শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰিছিল দত্তই। ১৯৬৫ ইংৰাজীত স্নাতকোত্তৰ লাভ কৰিছিল। তাৰপাছতেই কটন কলেজত ইংৰাজীৰ প্ৰৱক্তা হিচাপে যোগদান কৰিছিল দত্তই আৰু ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল(Deven Dutta Ex Professor and Vice Principal of Cotton College)।

ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্ব দিছিল দত্তই । সক্ৰিয়া ৰাজহুৱা কৰ্মী হিচাপে জনাজাত আছিল দত্ত। দেৱেন দত্ত কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল। তেওঁ কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষও আছিল। ২০০১ চনত তেওঁৰ উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল। ২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল দত্তই।

তেওঁলৈ যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে ৰেণু কলিতা সোঁৱৰণী ২০২২ বৰ্ষৰ ‘অসম গৌৰৱ বঁটা’ আগবঢ়ায়। ‘চিৰ এলাগী মোৰ ভাষা ফেদেলী’ শীৰ্ষক গ্ৰন্থখন তেওঁৰ অন্যতম লেখা।

তেওঁৰ বহুতো তত্বগধূৰ লেখা অসমৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছিল। তেওঁ ‘অকুতা ভয়’ শিৰোনামেৰে শৃংখলাবদ্ধভাৱে বিভিন্ন বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। লগতে তেওঁ ৰাজনৈতিক বিচাৰ ধাৰাও সংবাদ মাধ্যমত ব্যক্ত কৰা দেখা গৈছিল।

তেওঁৰ মৃত্যুত গুণমুদ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে । সুন্দৰপুৰস্থিত তেওঁৰ বাসগৃহত বিশিষ্ট শিক্ষাবিদগৰাকীক শেষ শ্ৰদ্ধা জনায় গুণমুগ্ধসকলে । নৱগ্ৰহ শ্মশানত শেষকৃত্য় সম্পন্ন হ’ব বিশিষ্ট শিক্ষাবিদ গৰাকীৰ।

লগতে পঢ়ক : CM Sarma in Jorhat : বিশেষভাৱে সক্ষম এজন ছাত্ৰক ৬২ হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ