Local, Vocal, Global

Former Minister Rajen Gohain to resign : আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্রী ৰাজেন গোহাঁইয়ে

নিউজ ডেস্ক, ১৮ আগষ্ট : ৰাজ্যত ন-পুৰণি বিজেপিৰ সংঘাত । প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে আজি কেবিনেট মৰ্যাদা এৰাৰ সম্ভাৱনা আছে (Former Union minister Rajen Gohain to resign)। মুখ্যমন্ত্রীৰ হাতত পদত্যাগ পত্র দাখিল কৰাৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ। নগাঁৱৰ সাংসদ আছিল ৰাজেন গোহাঁই ।

ইন্দ্ৰাণী তদবিলদাৰৰ আত্মহননৰ পাছতেই ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰিছে । ইন্দ্ৰাণী তদবিলদাৰৰ পাছতেই ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ন বিজেপিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ পাছতেই এইবাৰ ৰাজেন গোহাঁইৰ ক্ষোভৰ বহিপ্ৰকাশ হৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে তেওঁ আজি দিনৰ ১ বজাত পদত্যাগ কৰিব (Former Minister Rajen Gohain to resign Today) । মুখ্যমন্ত্ৰী প্ৰদান কৰিব পদত্যাগ পত্ৰ । লগতে এৰিব কেবিনেটৰ মৰ্যদাও । অৱশ্যে এতিয়াও এই কথাৰ কোনো স্পষ্টতা হোৱা নাই। গতিকে ৰাজেন গোহাঁইয়ে পদত্যাগ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব । পদত্যাগৰ পাছতে সংবাদ মাধ্যমত সম্বোধন কৰিব গোহাঁয়ে ।

উল্লেখ্য বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাক পাছত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুৰত নাৰিকল ভঙাৰ প্ৰসংগ উত্থাপন হৈছিল । কল’ ৰেকৰ্ডিঙত এই কথা স্পষ্ট হৈছিল । তাৰ পাছতে ন-পুৰণি মাজত সংঘাতৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Devan Dutta Passed Away : শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান