Local, Vocal, Global

North Guwahati college student kidnaping : অপহৰণ নাছিল, সেয়া আছিল দুই প্ৰেমিক যুগলৰ কাহিনী

নিউজ ডেস্ক, ১৮ আগষ্ট : অৱশেষত ফাদিল হ’ল গুৱাহাটী অপহৰণৰ ৰহস্য । বৃহস্পতিবাৰে হঠাৎ আহিছিল এক খবৰ। উত্তৰ গুৱাহাটী কলেজৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা (North Guwahati college student kidnaping)।

এখন ছুইফ্ট ডিজায়াৰত অহা এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি ছাত্ৰীগৰাকীক AS 01 DB 4335 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনত উঠাই নিছে । খবৰ প্ৰচাৰ হৈছিল কলেজৰ ইউনিফৰ্মতে থকা ছাত্ৰীগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিছিল যদিও আত্মৰক্ষা কৰিব নোৱাৰিলে।

ইফালে এই অপহৰণকাৰী দলটোৰ পিছ লৈছিল স্থানীয় কেইজনমান যুৱক । অপহৰণকাৰী এই দলটোৱে যুৱতীগৰাকীক লৈ গুৱাহাটীৰ দিশে ৰাওনা হৈছিল। তাৰ পাছতেই হাহাকাৰ লাগিছিল উত্তৰ গুৱাহাটী আৰক্ষীত।

ইয়াৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল অপহৃত ছাত্ৰীগৰাকীৰ উদ্ধাৰৰ বাবে তদন্ত । শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সেয়া কোনো অপহৰণ কাণ্ড নাছিল। দৰাচলতে এয়া আছিল এক প্ৰেম কাহিনী ।

এই প্ৰেম কাহিনীৰ নায়িকা ‘অপহৃতা’ ছাত্ৰীগৰাকী আৰু নায়ক ছুইফ্ট ডিজায়াৰ লৈ অহা সেই যুৱকজন। জানিব পৰা মতে এই ছাত্ৰীগৰাকীৰ এজন যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক। সৰ্থেবাৰীৰ এই ছোৱালীজনীৰ সেই সম্পৰ্ক মানি লোৱা নাছিল পৰিয়ালে । সেয়ে প্ৰেমিকৰ পৰা দূৰত ৰাখিবৰ বাবে উত্তৰ গুৱাহাটীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ পঠিয়াই উত্তৰ গুৱাহাটী কলেজতেই নাম লগাই দিছিল।

কিন্তু ছোৱালীজনীৰ প্ৰেমিকৰ সেয়া সহ্য হোৱা নাছিল। সেয়ে প্ৰেমিকে প্ৰেমিকাক হৰণ কৰি নিবলৈ আহি উপস্থিত হ’ল উত্তৰ গুৱাহাটীত। তাৰ পাছতেই আৰম্ভ হয় এই অপহৰণৰ কাহিনী ।

ছোৱালীজনীয়ে প্ৰেমিকৰ লগত যাবলৈ অমান্তি হয়। সেয়ে দুয়োৰে মাজত প্ৰথমে সৃষ্টি হৈছিল কাজিয়াৰ। জানিব পৰা মতে এতিয়া এই দুয়ো প্ৰেমিক যুগল আছে সৰ্থেবাৰী নিজ ঘৰত।

অৱশ্য এই অপহৰণৰ ঘটনাক লৈ ৰুজু হোৱা নাই কোনো গোচৰ। সন্ধিয়াৰ পৰা সৃষ্টি হোৱা এই অপহৰণৰ ঘটনাৰ প্ৰকৃত সত্য উন্মোচিত হোৱাৰ পাছতে এতিয়া উত্তৰ গুৱাহাটীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

লগতে পঢ়ক : Minor girl stabbed in Maharashtra : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই কিশোৰীক ছুৰীকাঘাত যুৱকৰ, অভিযুক্তক গ্ৰেপ্তাৰ