Local, Vocal, Global

নগৰবেৰাত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ যায় প্ৰায় কোটি টকাৰ সা-সামগ্ৰী

নিউজ ডেস্ক, ২৮ মাৰ্চ : নগৰবেৰাৰ নিউ মাৰ্কেটত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে স্থানীয় ৰাইজে । এই অগ্নিকাণ্ডত দুলাল সাহা নামৰ এজন ব্যৱসায়ীৰ প্ৰায় কোটি টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় ।

নগৰবেৰাত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ যায় প্ৰায় কোটি টকাৰ সা-সামগ্ৰী

আনহাতে, ক্ষয়ক্ষতিৰ আনুমানিক হিচাপ প্ৰায় কোটি টকা হ’ব বুলি জনাই স্থানীয় ৰাইজে । অগ্নি নিৰ্বাপক বাহিনীক খৱৰ কৰাৰ পাছতো ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ সহযোগত কোনোমতে জুই নুমুৱালৈ সক্ষম হয় । ব্যৱসায়ীজনৰ বুজন পৰিমাণৰ ব্যৱসায়ৰ সা-সামগ্ৰী ভস্মীভূত হয় এই অগ্নিকাণ্ডত । শীঘ্ৰে নগৰবেৰাত অগ্নি নিৰ্বাপন কেন্দ্ৰ স্থাপনৰ দাবী জনাই স্থানীয় ৰাইজে ।