Local, Vocal, Global

তেজপুৰৰ বিলাসী গাড়ীৰ শ্ব’ৰুমত অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৮ মাৰ্চ : তেজপুৰত সংঘটিত হল ভয়ংকৰ অগ্নিকাণ্ড।তেজপুৰৰ নিকামূল মাজগাওত থকা কৃষ্ণ হুণ্ডাই ডিলাৰত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড। বিলাসী গাড়ীৰ শ্ব’ৰুমত হোৱা অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয় প্ৰায় ১৬ খন বিলাসী গাড়ী আৰু মুল্যবান সামগ্ৰী। বিধ্বংসী অগ্নি কান্ডত ভস্মীভূত হয় প্ৰতিষ্ঠানটোৰ কেইবা কোটি টকাৰ সম্পত্তি।

কিছু সময় পিছত অগ্মি নিৰ্ববাপক বাহিনীৰ ১০ খনতকৈও অধিক গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয়