Local, Vocal, Global

দেৰগাঁৱত প্ৰতিবাদ বহিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

ৰাজ্যত কৰ’না আতংক অধিক বৃদ্ধি পোৱা সময়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ । পে’ট্ৰল-ডিজেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি কৰাৰ লগতে চৰকাৰৰ সিদ্ধান্তক লৈ শেহতীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে কংগ্ৰেছ দলে । দলীয় প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ প্ৰতিবাদত বহিল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। দেৰগাঁৱৰ খুমটাই সমষ্টিৰ অৰ্ন্তগত দানি চাপৰিত দলীয় কৰ্মীৰ সৈতে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় বিস্মিতা গগৈয়ে। গোলাঘাট উত্তৰ ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত পশ্চিম ব্ৰহ্মপুত্ৰ আৰু মধ্য ব্ৰহ্মপুত্ৰ মণ্ডল সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ বিজেপি চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে যথেষ্ট সৰৱ হয়। হাতত প্লে’কাৰ্ড লৈ কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী- মুখ্যমন্ত্ৰীৰ গ’-বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। বিস্মিতা গগৈয়ে কৰ’না বিষয়তো চৰকাৰে ৰাজনীতি কৰিছে বুলি উল্লেখ কৰিলে।