Website Design: dastechnologies.in
ধেমাজি জিলাৰ মৰিঢলৰ অন্তৰ্গত প্ৰায় ৭০ খনকৈ গাওঁ বানৰ কৱলত । লক্ষীপথাৰ কৈৱৰ্ত, লক্ষীপথাৰ কছাৰী, হাঁহচৰা,খজুৱা আদিকে ধৰি মুঠ ৭০ খন গাওঁ পানীৰ কৱলত । বানে ছিঙি থান্-বান্ কৰিলে লক্ষীপথাৰ মৰিঢল সংযোগী পথ । বানৰ কৱলত পৰিছে মৰিঢল অঞ্চলৰ হাজাৰ হাজাৰ লোক । বানত নষ্ট হৈছে শালি-বাও ধানৰ উপৰিও বহুতো শস্যৰ লগতে পানীত তল গৈছে ঘৰ দুৱাৰ। বৰ্ন্যাতৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতি। ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী হোৱাৰ পিছতো বৰ্তমানেও প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ বৰ্ন্যাতৰ । জীৱ কুলৰ নাজল- নাথল অৱস্থা হৈছে ।