ৰাষ্ট্ৰীয় পতাকাক অপমানকাৰীৰ বিৰুদ্ধে সৰৱ বিশ্ব হিন্দু পৰিষদ

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰি ফেচবুকত পাকিস্তান জিন্দাবাদ লিখা গোলাঘাটৰ উৰিয়ামঘাটৰ কাবুল খান নামৰ যুৱক এজনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে বিশ্ব হিন্দু পৰিষদ । যুৱকজনৰ বিৰুদ্ধে দেৰগাওঁ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিশ্ব হিন্দু পৰিষদে । ফেচবুকত কাবুল খানে ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈও কৰিছিল অশ্লীল মন্তব্য । ২৪ ঘণ্টাৰ ভিতৰত যুৱক জনক গ্ৰেপ্তাৰ নকৰিলে অন্য বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে বিশ্ব হিন্দু পৰিষদৰ গোলাঘাটৰ সদস্যসকলে।