অইল ইণ্ডিয়াৰ বিৰুদ্ধে নুমলীগড়ত অব্যাহত প্ৰতিবাদ

নুমলীগড়ৰৰ ঐতিহাসিক নুমলীকুঁৱৰী গড় অইল ইণ্ডিয়াৰ অবৈধ খননক লৈ নুমলীগড়ত অব্যাহত আছে প্ৰতিবাদ। ঐতিহাসিক নুমলীগড়ত জেওৰা দি প্ৰতিবাদ সাব্যস্ত কৰে ঐক্য সেনা অসমে। নুমলীগড়ত কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলীকুঁৱৰীৰ গড় খান্দি তচনচ কৰিছে অইল ইণ্ডিয়া লিমিটেডে। গড়টো দ্বিখণ্ডিত কৰি অইলে বঢ়াইছে পাইপলাইন।
অইল ইণ্ডিয়াই অবৈধভাবে খান্দি পাইপ বহুৱাৰ কাৰ্যক তীব্ৰ গৰিহণা এক্য সেনা অসমৰ। নুমলীগড়ৰ ‘নুমলী কুঁৱৰী গড়ক’ কাটি দুচেও কৰা অইল ইণ্ডিয়াৰ বিৰুদ্ধে সোমবাৰে ঐক্য সেনা অসমৰ তীব্ৰ প্ৰতিবাদ। জেওৰা দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।