Local, Vocal, Global

ৰাজধানী দিল্লীত কৰ’নাৰ বিভীষিকা, মৃতকৰ সৎকাৰৰ বাবেও নাই ঠাই। চিতাৰ মাজত ৰাখিব পৰা হোৱা নাই সামাজিক দূৰত্ব

*চিতাৰ মাজত নাই সামাজিক ব্যৱধান।

*দেশৰ ৰাজধানী দিল্লীত অব্যাহত কাল কৰ’নাৰ সংহাৰ।

*শ্মশানত শৱ দাহৰ বাবে অভাৱ ঘটিছে ঠাইৰ।

ভাৰতবৰ্ষত ভয়াবহ ৰূপত অব্যাহত ৰৈছে কাল কৰ’নাৰ সংহাৰী ৰূপ। আজি দুপৰিয়ালৈ দেশত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩,০৯,৬০৩। আৰু দেশত এই পৰ্যন্ত কৰ’নাই প্ৰাণ কাঢ়িছে ৮,৮৯০ লোকৰ । এইয়া ৱৰ্ল্ড’মিটাৰৰ সমীক্ষা। ৰাজধানী দিল্লীত অতিকে ভয়ংকৰ ৰূপ লৈছে কৰ’নাৰ সংক্ৰমনে। শুকুৰবাৰৰ দিনটোত দিল্লীত নতুনকৈ ২,১৩৭ জন লোক চিনাক্ত হৈছে কভিড-১৯ পজিটিভ ৰূপে। ৰাজধানীত কাল কৰ’নাই প্ৰাণ কঢ়া লোকৰ সংখ্যা এই পর্যন্ত ১,২১৪। একে লগে বিভিন্ন স্থানত বহু মানুহৰ মৃত্যু হোৱাত ৰাজধানী দিল্লীত এতিয়া প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে মৃতকৰ সৎকাৰ । যোৱা ১৫ দিনত দিল্লীৰ নিগমবোধ ঘাটৰ আচাৰ্য  আৰু তেওঁৰ সহযোগী  সকলেই দাহ কৰিছে প্ৰায় ৪৫-৫০ টা মৃতদেহ। তেওঁলোক এতিয়া যেন অৱশ। মৃতদেহৰ দ’ম দেখি দেখি মানসিক ভাৱেও ভাৰাক্ৰান্ত তেওঁলোক। কৰ’নাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে নতুনকৈ ৪টা শ্মশান ঘাটৰ ব্যৱস্থা কৰি দিছিল। কেৱল আজি অৰ্থাৎ শনিবাৰৰ দিনটোত পুৱাৰ পৰা দুপৰীয়ালৈ নিগমবোধত সংস্কাৰ কৰা হৈছে ২০-২৫ গৰাকী মৃতকৰ । কিন্তু মৃতদেহ আহিয়েই আছে। নিগমবোধ ঘাটত বৰ্তমানে মুঠ ৪৮ খন প্লেটফৰ্ম আছে। কিন্তু নৈৰ পাৰত পুনৰ নতুনকৈ ২৫ স্থানত চিতা জ্বলাব পৰাকৈ ব্যৱস্থা কৰা হৈছে।

মুঠতে এতিয়া দিল্লীত মৃতদেহৰ সংস্কাৰৰ ক্ষেত্ৰত শূণ্য হৈ পৰিছে কৰ’না কালীন সামাজিক ব্যৱধান ।