Local, Vocal, Global

নুমলীগড়ৰ মূৰফুলনী চাহ বাগিচাত ক’ৰনাৰ আতংক।

নুমলীগড়ত পুনৰ এজনৰ দেহত কৰ’না পজিটিভ। আক্ৰান্ত লোকজন কেইবাজনৰো সংস্পৰ্শলৈ অহাৰ সন্দেহ। সংস্পৰ্শলৈ অহা এজনক হোম কোৱাৰেণ্টাইন।

নুমলীগড়ৰ মূৰফুলনী চাহ বাগিচাত এজনৰ দেহত পুনৰ কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে সমগ্ৰ চাহ বাগিচা অঞ্চলত এক আতংকময় পৰিৱেশ। কাৰণ আক্রান্ত লোকজন কেইবাজনো লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ। আক্ৰান্ত অজিত পাত্ৰ নামৰ লোকজন পৰিয়ালসহ বাংগালুৰুৰ পৰা ৮ জুন তাৰিখে অসমলৈ আহিছিল। তিনিদিন গোলাঘাট নগৰত কোৱাৰেণ্টাইন অৱস্থাত আছিল পৰিয়ালসহ লোকজন। স্বাস্থ্য বিভাগৰ লোকে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখি হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু যোৱা ১১জুন তাৰিখে পৰীক্ষাত পৰিয়ালটোৰ অজিত পাত্ৰ নামৰ লোকজনৰ দেহত কভিড-১৯  পজিটিভ পোৱাত লোকজনক ততাতৈয়াকৈ ১০৮ সেৱাৰ যোগেদি গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে আক্ৰান্ত ব্যক্তিজনৰ পৰিয়ালৰ লোকে জনোৱা মতে গোলাঘাট স্বাস্থ্য বিভাগে মহিলাসকলৰ বাবে কোৱাৰেণ্টাইনত থাকিবলৈ কোৱাৰেণ্টাইনৰ কেন্দ্ৰত সুবিধা নথকাৰ বাবেই এনেদৰে ঘৰলৈ  হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ পঠিয়াই দিয়ে। আনহাতে হোম কোৱাৰেণ্টাইনৰ অৱস্থাত থকা সময়ত পৰিয়ালটো মূৰফুলনী চাহ বাগিচাৰ চিকিৎসকে বাগিচাৰ চিকিৎসালয়লৈ এবাৰ মাতি নিয়াৰ কথা পোহৰলৈ আহিছে। পৰিয়ালটোৰ লগত বাগিচাখনৰ এজন লাইন মহৰীৰ লগতে বাগিচাখনৰে আৰু এজন ব্যক্তি বাগিচা চিকিৎসালয়লৈ অহাৰ অৱস্থাত সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে। এই কথা জানিব পাৰি মূৰফুলনী ভাগ্যপুৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰিয়ংকা দেৱীয়ে ততাতৈয়াকৈ অজিত পাত্ৰৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে পৰিয়ালৰ বাকী সদস্যসকলকো স্বাস্থ্য বিভাগৰ লোকে পুনৰ কোৱাৰেণ্টাইনৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে বাগিচাখনৰ লাইন মহৰী হাবিলচায় ওৰাং নামৰ লোক জনক হোম কোৱাৰেণ্টাইন কৰে। এতিয়া তাকে লৈ বাগিচাখনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আতংকিত হৈ পৰিছে বাগিচাখনৰ শ্ৰমিক সকল।