Local, Vocal, Global

Teacher injured in burglar attack: ৰাজধানী চহৰৰ মাজমজিয়াত চিলনী চোৰৰ সন্ত্ৰাস

নেশ্যনেল ডেস্ক, ১৪আগষ্ট : ৰাজধানী চহৰত ভয়ংকৰ ঘটনা । এইবাৰ ৰাজধানী চহৰত চোৰৰ সন্ত্ৰাস । দিনক দিনে বৃদ্ধি পাইছে ৰাইছে ৰাজধানী চহৰ নতুন দিল্লীত চোৰৰ সন্ত্ৰাস । এইবাৰ চিলনী চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী ।গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰীক ভৰ্তি কৰোৱা হয় হাস্পতালত (Teacher injured in burglar attack)।

উল্লেখ্য যে , ৰাজধানী চহৰত দিনক দিনে বৃদ্ধি পাইছে চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনাৰ । ক্ৰমাৎ অপৰাধজনিত ঘটনাৰ বৃদ্ধি হোৱাৰ অভিযোগ উঠিছে ৰাজধানী চহৰত ।

ইয়াৰ মাজতে শুকুৰবাৰে নতুন দিল্লীত সংঘটিত হৈছে আন এক ঘটনাৰ । শুকুৰবাৰে দিল্লীৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ হাতত পৰা ফোন লৈ গৈ থকাৰ সময়তে ফোন কাঢ়ি নিয়াৰ চেষ্টা কৰে এটা চিলনী চোৰৰ দলে । জানিব পৰা মতে,শিক্ষয়িত্ৰীগৰাকীয়ে অটো ৰিক্সাত আছিলে আৰু হাতত পৰা ফোনটো কাঢ়ি নিয়াৰ সময়ত অটো ৰিক্সাৰ পৰা বাগৰি পৰে শিক্ষয়িত্ৰীগৰাকী । কেৱল ইমানতে শান্ত নাথাকে চিলনী চোৰৰ দলে ইয়াৰ পিছত বাইকত অহা তিনি দুৰ্বৃত্তই ৰাস্তাৰে চোঁচৰাই লৈ যায় শিক্ষয়িত্ৰীগৰাকীক । ফলত গুৰুতৰভাৱে আহত হয় শিক্ষয়িত্ৰীগৰাকী (South Delhi school teacher dragged by bike borne snatchers) ।

জানিব পৰা মতে ১১ আগষ্ট ,শুকুৰবাৰে আবেলি প্ৰায় ৩.২৩ বজাত সংঘটিত হয় এই ঘটনাটো ।এই ঘটনা সন্দৰ্ভত চাকেত আৰক্ষী থানাৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন আহে ।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ভুক্তভোগী মহিলাগৰাকীয়ে অটো ৰিক্সাত গৈ থকাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে ভুক্তভোগী মহিলা গৰাকীৰ হাতৰ পৰা এটা আইফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰে আৰু তেনে সময়তে মহিলাগৰাকীয়ে অটো ৰিক্সাৰ পৰা বাগৰি পৰে ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Delhi woman teacher falls from auto amid iPhone )।

প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ জৱাহৰ পাৰ্ক অঞ্চলৰ বাসিন্দা আৰু যোভিকা চৌধুৰী নামৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকী । তেওঁ অটো ৰিক্সাৰে গৈ আছিলে আৰু যেতিয়া তেওঁ চাকেতৰ খোকা মাৰ্কেটৰ ওচৰ পাইছিল তেতিয়াই তিনি দুৰ্বৃত্তই হঠাতে তেওঁৰ ওচৰলৈ আহে আৰু মোবাইল ফোনটো কাঢ়ি নিয়াৰ চেষ্টা কৰে । ফলত শিক্ষয়িত্ৰীগৰাকী অটোৰ পৰা বাগৰি যায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।আঘাতপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক চাকেতৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(School teacher injured as bikeborne men snatches her ) ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে ।আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।আৰক্ষীয়ে জনোৱা অনুসৰি, অপৰাধীকেইটাক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে সেয় অঞ্চলটোৰ চিচিটিভি কেমেৰাবোৰৰ ফুটেজ সংগ্ৰহ কৰিছে । ইফালে এই ঘটনাই ৰাজধানী চহৰৰ বাসিন্দাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :77th Independence Day : ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আজি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে