Local, Vocal, Global

student murder : পোহৰলৈ আহিছে মাদ্ৰাছাৰ ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য

নিউজ ডেস্ক, ১৪আগষ্ট : পোহৰলৈ আহিছে ধলাই হাওয়াইথাং মাদ্ৰাছা ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য । প্ৰতিশোধ লোৱাৰ বাবে মাদ্ৰাছাৰ শিক্ষক হাফিজ মউচিন ৰহমানে ডিঙি কাটি হত্যা কৰিছিল ১২ বছৰীয়া ছাত্ৰ ৰজিমুল হুছেইন লস্কৰক । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য(student murder) ৷

কেইদিনমান পূৰ্বে মাদ্ৰাছা ছাত্ৰ ৰজিমুল হুছেইনক মাদ্ৰাছা পলাই যোৱাৰ অভিযোগ মাৰপিট কৰিছিল শিক্ষক হাফিজ মউচিন ৰহমানে । আৰু ইয়াক লৈ এক বিচাৰ সভাও অনুষ্ঠিত হৈছিল। বিচাৰসভাত হাফিজ মউচিন ৰহমানে ছাত্ৰজনৰ অভিভাৱকৰ ওচৰত ক্ষমা বিচাৰিল । ৰাজহুৱা ক্ষমা বিচাৰৰ বাবে তেওঁ লাজ পাইছিলে আৰু ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে শিক্ষক হাফিজ মউচিন ৰহমানে ৰজিমুল হুছেইন লস্কৰে ডিঙি কাটি হত্যা কৰিছে স্বীকাৰোক্তি প্ৰদান কৰিছে মাদ্ৰাছা শিক্ষক হাফিজ মউচিন ৰহমানে ।

উল্লেখ দেওবাৰে এই ছাত্ৰ হত্যাকাণ্ড লৈ ২০ গৰাকী ছাত্ৰসহ শিক্ষক মউচিন ৰহমান আৰু কাদিম আব্দুল কাচিমক আটক কৰিছিল আৰক্ষীয়ে । আৰু কেইবা ঘণ্টা জেৰাৰ অন্তত অৱশেষত আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি প্ৰদান কৰে শিক্ষকজনে ।

উল্লেখ্য যে কাছাৰৰ ধলাইত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে পোহৰলৈ আহে এই ঘটনাৰ(student murder case in cachar) । দেওবাৰে পুৱাৰ ভাগত কাছাৰৰ ধলাইত মাদ্রাছাৰ হোষ্টেলৰ পৰা উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ। ধলাই হাওয়াইথাং দাৰুছ ছালাম হাফিজিয়া মাদ্রাছাত সংঘটিত হৈছে এই ঘটনাৰ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহটো। নিহত ছাত্রগৰাকীৰ নাম ৰবিজুল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ ।এই ভয়ংকৰ ঘটনাই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ।

এই ঘটনাক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু সোধপোছৰ বাবে ইতিমধ্যে ৰবিজুলৰ কোঠাৰ পৰা ২০জন সহপাঠীক আটক কৰিছে।

লগতে পঢ়ক :student murder: পোহৰলৈ আহিছে আন এক হত্যাকাণ্ডৰ ঘটনা